শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মন্দাভিয়াই এখন স্বাস্থ্যকৰ ভাৰত গঢ়ি তুলিবলৈ প্ৰতিৰোধমূলক আৰু প্ৰচাৰমূলক স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰক, সুশ্ৰুত আৰু ভগৱান ধনন্তৰীৰ দৰে প্রাচীন ভাৰতীয় চিকিৎসাৰ পথপ্ৰদৰ্শকসকলৰ জ্ঞানৰ উদ্ধৃতি দি তেওঁ, দেশৰ সমৃদ্ধ উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। হাৰিয়ানাৰ ফৰিদাবাদত স্বাস্থ্য প্ৰত্যাহ্বান আৰু স্বাস্থ্যকৰ জীৱন শৈলী শীৰ্ষক সন্মিলনত ভাষণ দি শ্ৰী মন্দাভিয়াই এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ মূল উপাদান হিচাপে ধ্যান, যোগ আৰু উপবাসৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই কাৰ্যসূচীৰ সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে ফৰিদাবাদৰ ই এছ আই চি চিকিৎসা মহাবিদ্যালয়ত তিনিটা অত্যাধুনিকা স্বাস্থ্য সুবিধাও মুকলি কৰে। ইয়াৰ ভিতৰত স্তনৰ কৰ্কট ৰোগ আগতীয়াৰকৈ ধৰা পেলোৱাৰ বাবে উপযোগী উচ্চ ৰিজ‘লিউছনযুক্ত ডিজিটেল ডিটেক্টৰ ভিত্তিক মেম‘গ্রাফী মেচিনো আছে। এই সুবিধাসমূৰ সংযোজনে বীমাকৃত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্যসেৱাৰ যথেষ্ট উন্নতি সাধন কৰিব।
Assamese | March 6, 2025 8:29 PM | manshukh mandaviya
প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ মূল উপাদান হিচাপে ধ্যান, যোগ আৰু উপবাসৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ মনসুখ মন্দাভিয়াৰ