মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত পর্যটন বৰ্ষৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী বন সংমণ্ডল বিষয়াই প্রকাশ কৰা মতে, এই সন্দৰ্ভত আজি জাননী জাৰি কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্রবেশদ্বাৰ ৫ জুনত বন্ধ কৰা হ’ব বুলি জাননী দিয়া হৈছিল। বাৰিষাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছিল যদিও পৰ্যটকৰ আগমন অব্যাহত থকাৰ লগতে বাট-পথ সূচল হৈ থকালৈ লক্ষ্য ৰাখি জীপ চাফাৰীৰ সুবিধা ২০ জুনলৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ মূল পথটোতহে জীপ চাফাৰীৰ ব্যৱস্থা থাকিব।
Assamese | June 1, 2024 6:16 PM | Assam | Manas National Park | National Park
চলিত পর্যটন বৰ্ষৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি