জ্ঞানপীঠ বঁটা বিজয়ী প্রসিদ্ধ সাহিত্যিক মামণি ৰয়চম গোস্বামীৰ ৮৩ সংখ্যক জন্মদিনত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ উদ্যোগত আৰু গুৱাহাটী জিলা পুথিভঁৰালৰ সহযোগত আজি জিলা পুথিভঁৰাল প্রেক্ষাগৃহত সাহিত্যিকগৰাকীৰ জন্মদিন উদযাপন কৰা হৈছে। অনুষ্ঠানত মন্ত্রী যোগেন মহন মুখ্য অতিথি হিচাপে উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক ড° মালিনী গোস্বামী আৰু মামণি ৰয়চম গোস্বামী মেম‘ৰিয়েল ট্রাষ্টৰ সঞ্চালক সবিতা শর্মাই নির্দিষ্ট বক্তা হিচাপে অংশগ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জন্মদিনত বিশিষ্ট ঔপন্যাসিকগৰাকীলৈ গভীৰ শ্রদ্ধা নিবেদন কৰিছে।
Assamese | November 14, 2025 12:32 PM | Mamani roysam
মামণি ৰয়চম গোস্বামীৰ ৮৩ সংখ্যক জন্মদিনত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ ৰাজ্যবাসীৰ