তদন্তকাৰী সংস্থা আৰু ন্যায়পালিকাক সহায়ৰ লক্ষ্যৰে অসম চৰকাৰে গঠন কৰা প্ৰচিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে আজি মাখন ফুকনে দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত শ্ৰী ফুকনে দায়িত্বভাৰ গ্ৰহণ কৰে। সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে অধিবক্তা ধনেশ দাস, শান্তনু ভট্টাচাৰ্য আৰু মানস হালৈয়েও আজি দায়িত্বভাৰ গ্ৰহণ কৰিছে। এই অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং, আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
Assamese | March 24, 2025 8:03 PM | makhon phukan
প্ৰচিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে মাখন ফুকনৰ দায়িত্বভাৰ গ্ৰহণ