অসম বিজ্ঞান-প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্ত্বাৱধানত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমাৰোহ আজি অনুষ্ঠিত হয়। মাজুলী মহাবিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত এই সমাৰোহত বিজ্ঞানৰ আৰ্হি, আকষ্মিক বক্তৃতা, চিত্ৰাংকণ আৰু ধাৰণা প্রতিযোগিতাত ইতিমধ্যে খণ্ড পৰ্য্যায়ত নির্বাচিত ৪০ জনৰো অধিক প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত জিলা পৰ্য্যায়লৈ নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়।
Assamese | November 21, 2025 8:28 PM | majuli science
মাজুলীত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমাৰোহ