কেন্দ্রীয় মাধ্যমিক শিক্ষা ব‘ৰ্ডৰ পৰীক্ষাত হোৱা অনিয়মক লৈ ৰুজু হোৱা গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ হোৱা ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন আবেদনৰ শুনানী আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হয়। ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ বিচাৰপীঠে শুনানী গ্রহণ কৰাৰ পাছত আজি সকলো পক্ষৰ যুক্তি দৰ্শোৱাৰ প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ ৰোৱাৰ বাবে কাইলৈও শুনানী গ্ৰহণ কৰা হ‘ব। ইয়াৰ পূৰ্বে কালি এই বিষয়টো সংক্রান্তিয় আন এটা গোচৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে সকলো পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত হকৰ জামিন মঞ্জুৰ কৰিছিল। উল্লেখযোগ্য যে পৰীক্ষাত অনিয়ম সন্দৰ্ভত শ্ৰীভূমি জিলাৰ পাথাৰকান্দি আৰক্ষীয়ে হকক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
Assamese | March 4, 2025 8:01 PM | Mahbul haque
গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি মহবুবুল হকৰ জামিন আবেদনৰ শুনানী গ্ৰহণ