মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজনৈতিক দলসমূহে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে আজি ধুলে জিলাৰ সিন্দখেড়াৰ এখন নির্বাচনী সভাত ভাগ লয়। তেওঁ হাৰিয়াণাৰ উদাহৰণ দি মহাৰাষ্ট্ৰত শাসকীয় মহা মিত্ৰজোট পুনৰ ক্ষমতালৈ আহিব বুলি মন্তব্য কৰে। বিজেপিৰ নেতাগৰাকীয়ে মুখ্যমন্ত্রী মাঝি লড়কী বহিন আঁচনিৰ বিৰোধিতা কৰাৰ বাবে এন চি পি শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্রিয়া ছুলে আৰু এম ভি এ নেতাসকলক তীব্র সমালোচনা কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহান, পীয়ুষ গোৱেল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী দেবেন্দ্ৰ ফাড়নবিচ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথেও আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলায়। এন চি পি শাৰদ পাৱাৰ গোটৰ নেতা শাৰদ পাৱাৰে আজি নিৰ্বাচনী প্ৰচাৰত অংশ লৈ প্ৰধানমন্ত্ৰীৰ অর্থনৈতিক উপদেষ্টা পৰিষদৰ শেহতীয়া প্ৰতিবেদনত মহাৰাষ্ট্ৰৰ স্থান অৱনমিত হোৱা বিষয় লৈ মহা মিত্রজোট চৰকাৰক সমালোচনা কৰে। শ্ৰীপাৱাৰে কয়, যে তেওঁৰ কাৰ্য্যকালত তেওঁলোকে ৰাজ্যখনক শীর্ষ স্থানলৈ উন্নীত কৰাৰ বাবে কাম কৰিছিল। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই আজি লাটুৰত আৰু শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা উদ্ধৱ থাকৰেই চাৱন্তৱাড়িত দলৰ হৈ প্ৰচাৰ চলায়।
Assamese | November 13, 2024 8:34 PM | Maharastra Election
মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত