অহা ২০ নৱেম্বৰত হ’বলগীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ১৪ গৰাকী প্ৰাৰ্থীৰ চতুর্থখন তালিকা প্রকাশ কৰিছে। দলে অন্ধেৰী পশ্চিম বিধানসভা আসনৰ বাবে শচীন সাৱন্তৰ সলনি অশোক যাদৱক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে নালাছুপাৰা বিধানসভা সমষ্টিৰ পৰা সন্দীপ পাণ্ডে আৰু শিৱাজীনগৰৰ পৰা দত্তাট্ৰে বাহিৰতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।
Assamese | October 28, 2024 11:35 AM | Maharastra Election
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ১৪ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ