মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনৰ ২৮৮ টা বিধানসভা সমষ্টিৰ বাবে ২০ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ‘ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধূলে আৰু নাচিকত কেইবাখনো নির্বাচনী সভাত ভাষণ দিব। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ এই নিৰ্বাচনী সভাত ৰাইজৰ আশীষ বিচাৰিব। শ্রীমোদীয়ে লগতে আসন্ন নিৰ্বাচনত ৰাজ্যখনৰ জনসাধাৰণে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এৰ প্ৰাৰ্থীসকলৰ জয় সুনিশ্চিত কৰিব বুলি আস্থা প্ৰকাশ কৰিছে ।
Assamese | November 8, 2024 12:39 PM | Maharastra Election
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ