মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। যোৱা ৩০ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। ৰাজ্যখনৰ ২৮৮টা বিধানসভা নিৰ্বাচনৰ বাবে ৭ হাজাৰ ৯৯৪ প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২০ নৱেম্বৰত এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব। এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্ৰধান দলসমূহৰ ভিতৰত বিজেপি, শিৱসেনা, এন চি পি মিত্রজোঁটৰ শাসনাধিষ্ঠ মহায়ুটি আৰু কংগ্ৰেছ, শিৱসেনা ইউ বি টি আৰু শৰদচন্দ্ৰ পাৱাৰ গোটৰ এন চি পি মহা বিকাশ অঘড়ী মিত্রজোঁট অন্যতম। এই নির্বাচনত সৰু সৰু ৰাজনৈতিক দল আৰু কেইবাগৰাকীও নিৰ্দলীয় প্রার্থীও প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।
Assamese | November 4, 2024 12:28 PM | Maharastra Election
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন