ব’ম্বে উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ জলাশয়সমূহৰ সংৰক্ষণ সন্দৰ্ভত নিজাববীয়াকৈ এটা ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰি শুনানিৰ ব্যৱস্থা কৰিছে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ অমিত বৰকাৰৰ খণ্ড বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশৰ ভিত্তিত এই শুনানিৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে ২০২৪ চনৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে দেশৰ সকলো উচ্চ ন্যায়ালয়ক ৰামছাৰ সংৰক্ষিত অঞ্চল হিচাপে পৰিচিত জলাশয়সমূহৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰ সমূহে ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই, সেই বিষয়টো নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল। গোচৰটোৰ শুনানি গ্রহণ কৰি ব’ম্বে উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়, মহাৰাষ্ট্ৰ চৰকাৰ আৰু মহাৰাষ্ট্ৰ জলাশয় কর্তৃপক্ষক জাননী জাৰি কৰে। বিচাৰপীঠখনে অহা ২৫ ফেব্ৰুৱাৰীত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য সমগ্ৰ দেশত ৰামচাৰ ছাইট হিচাপে পৰিচিত ৮৫টা জলাশয় আছে। ইয়াৰে তিনিটা জলাশয় মহাৰাষ্ট্ৰত আছে।
Assamese | January 11, 2025 12:19 PM | maharastra bombay high court
মহাৰাষ্ট্ৰৰ জলাশয়সমূহৰ সংৰক্ষণ সন্দৰ্ভত ব’ম্বে উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বার্থ জড়িত গোচৰ ৰুজু