মধ্যপ্রদেশত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচন আয়োগৰ দলে এমাহতকৈও কম সময়ৰ ভিতৰত ১০০ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী তথা নগদ ধন জব্দ কৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। মুখ্য নির্বাচনী বিষয়া অনুপম ৰাজনে সদৰী কৰা অনুসৰি ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি জাৰি হোৱাৰ পাছৰে পৰা এতিয়ালৈকে ১০৩ কোটি ৩৩ লাখ টকা মূল্যৰ বিভিন্ন সামগ্রী জব্দ হৈছে। ইয়াৰ ভিতৰত ১৩ কোটি ৭৭ লাখ নগদ ধন, ২৪ কোটি ৬৪ লাখ টকাৰ সুৰা আৰু ১৯ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী অন্যতম। ইয়াৰ সমান্তৰালকৈ চি ভিজিল এপৰ জৰিয়তে এতিয়ালৈ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ দুহেজাৰ ৮৫২টা অভিযোগ দাখিল কৰা হৈছে। ইতিমধ্যে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই আজি চিধি আৰু সিন্দবাড়াত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অশোক নগৰত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। আনহাতে মুখ্যমন্ত্রী মোহন যাদৱে বালাঘাট, সিন্দবাড়া আৰু মাণ্ডালাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জিতু পাটৱাৰী, সাংসদ বিবেক টংখা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ যাদৱে বিদিশা আৰু ৰাইসেনত যুটীয়াভাৱে নির্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।
Assamese | April 12, 2024 5:12 PM | ECI | Madhya Pradesh
মধ্যপ্ৰদেশত এতিয়ালৈ ১০০ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী তথা নগদ ধন জব্দ