ৰাজ্যৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি শ্ৰদ্ধা-ভক্তিৰে পালন কৰা হৈছে। তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত ভাগৱত পাঠ, নাম-প্ৰসংগ অনুষ্ঠিত হয়। তিৰোভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ, সত্ৰত পুৱাৰ পৰাই ভকত-বৈষ্ণৱ সমবেত হৈ নাম-প্ৰসংগ কৰে । শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকু পুখুৰী, ডিব্ৰুগড়, শিৱসাগৰ, বৰদোৱা, বৰপেটা, সত্ৰ নগৰী মাজুলী, ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, গোৱালপাৰাৰ কেউলীয়া হাটী সত্ৰ আৰু শ্যামৰায় সত্ৰৰ লগতে গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো সাহিত্য-সংস্কৃতিৰ পূজাৰী, অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম-প্ৰসংগৰ আয়োজন কৰা হয়। কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়। ৰাতিপুৱা প্ৰভাত বন্দনাৰ জৰিয়তে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। পিছত ভাগৱত পাঠ, নামপ্ৰসংগ অনুষ্ঠিত হয়। গুৰুজনাৰ তিথি উপলক্ষে সন্ধিয়ালৈ কোনো কোনো ঠাইত অংকীয়া ভাওনাও অনুষ্ঠিত হ’ব।
Assamese | September 12, 2025 8:27 PM | madhavdev tithi assam
ৰাজ্যৰ ভিন্ন স্থানত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি পালন