ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আহোম জনগোষ্ঠীয় লোকসকলৰ পৱিত্ৰ অনুষ্ঠান মে-ডাম-মে-ফি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হয়। আহোম জনগোষ্ঠীয় লোকসকলে আজিৰ দিনটোত পুলিন-পুথাওসকলক স্মৰণ কৰি দেশ আৰু জাতিৰ মঙ্গলৰ বাবে প্ৰাৰ্থনা জনায়।
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসন তথা বৃহত্তৰ কেন্দ্ৰীয় মে-ডাম-মেফি উদযাপন সমিতিৰ সহযোগত চৰাইদেউ পি এম শ্ৰী সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে মে-ডাম-মেফি উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
আজিৰ অনুষ্ঠানত জ্যেষ্ঠ মন্ত্রী যোগেন মহন, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিৱসাগৰ জিলাতো আজি কাৰেংঘৰ, তলাতল ঘৰ, লেচাই মৈদামকে ধৰি বিভিন্ন স্থানত মে-ডাম-মেফীৰ আয়োজন কৰা হয়। পৰম্পৰাগত ধৰ্মীয় আৰাধনাৰে তলাতল ঘৰৰ বাকৰিত আয়োজন কৰা মে-ডাম-মে-ফীত পুৱা ফুৰালুং আৰু বানফি পূজা কৰা হয়। মে-ডাম-মে-ফী উপলক্ষে যোৰহাট জিলাৰ ৰাজমাও বৰপুখুৰীৰ পাৰত থকা জয়া ভৱনৰ পৰা ৰজামৈদামলৈ বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয়। মাজুলী জিলা টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু লাহনগাওঁ ৰাইজৰ সহযোগত লাহনগাওঁ চুকাফা সমন্বয় ক্ষেত্ৰত মে-ডাম-মে-ফী উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাত টাই সাংস্কৃতিক গৱেষণা আৰু কৃষ্টি বিকাশ কেন্দ্ৰ আৰু টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মে-ডাম-মে-ফী পালন কৰা হয় । তদুপৰি ধেমাজি, গুৱাহাটীৰ হেঙেৰাবাৰী, গণেশগুৰি, পাথৰকুৱেৰীকে ধৰি বিভিন্ন স্থানত পূৰ্বপুৰুষসকলক শ্রদ্ধা তৰ্পণৰ উদ্দেশ্যে মে-ডাম-মেফি অনুষ্ঠানৰ আয়োজন কৰা হয়।
Assamese | January 31, 2025 6:44 PM | Ma-dum-mafi
পৰম্পৰাগত ৰীতি-নীতিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মে-ডাম-মে-ফি পালন