বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছে যে, নির্বাচনোত্তৰ সমীক্ষাত অংশগ্ৰহণ নকৰাৰ বাবে কংগ্ৰেছে লোৱা সিদ্ধান্তৰ পৰা দলটোৱে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ মানি লৈছে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ কয় যে, কংগ্ৰেছে নিৰ্বাচনত জয়ী হোৱাত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে সু প্ৰতিষ্ঠিত নির্বাচনী প্ৰক্ৰিয়া বিনষ্ট কৰাৰ বাবে অপমানজনক দাবীৰ সৈতে বাৰে বাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।
Assamese | June 1, 2024 10:34 AM
কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ মানি লৈছে সেয়া স্পষ্ট হৈ পৰিছে: জে পি নাড্ডা