মধ্য প্ৰদেশত ৰাজনৈতিক দল সমূহে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপি, কংগ্ৰেছ, বি এছ পি, এছ পি আৰু নিৰ্দলীয় প্রার্থীসকল নির্বাচনী প্ৰচাৰত নামি পৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰাজ্যখনৰ দামোহ জিলাত উপস্থিত হ’ব। শ্রী মোদীয়ে ইমলাই গাঁও খেলপথাৰত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে খাজুৰাহো আৰু নমদাপুৰৰ্মত প্ৰচাৰ চলাব। খাজুৰাহো, দামোহ আৰু পান্নাত মধ্যপ্রদেশ বিজেপিৰ ৰাজ্যিক সভাপতি বিষ্ণুদত্ত শৰ্মা, মেইহাৰ, চাতনা, বীৰ সিংপুৰত কৈলাস বিজয়বর্গীয়া আৰু প্ৰহ্লাদ পেটেলে নির্বাচনী প্ৰচাৰ চলাব। আনহাতে ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি জিতু পাটৱাৰী, বিৰোধী দলপতি উমংগ সিংহাৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ য়াদৱ, ৰাজ্যসভাৰ সাংসদ বিবেক তাংখা আৰু প্ৰাক্তন মন্ত্ৰী জয়ৱৰ্ধন সিঙে সাগৰ আৰু শিৱপুৰীত প্ৰচাৰ চলাব।
Assamese | April 19, 2024 5:57 PM | Lok Sabha Elections 2024
মধ্য প্ৰদেশত ৰাজনৈতিক দলসমূহৰ ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ