কেৰালাত লোকসভা নিৰ্বাচনলৈ মাজত মাথো এসপ্তাহ বাকী থকা অৱস্থাত ৰাষ্ট্ৰীয় নেতাসকলে নির্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ সভাপতি জে পি নাড্ডাই ৱায়ানাড, পালাক্কাড়, কোট্টয়াম আৰু তিৰুৱনন্তপুৰম জিলাত নির্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে চালাকুড়ি, পাঠানামথিত্তা আৰু তিৰুৱনন্তপুৰম সমষ্টিৰ ইউ ডি এফ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাব। ইফালে চি পি এমৰ পলিত ব্যুৰ’ৰ সদস্য সুভাষিনী আলীয়ে আজি এল ডি এফৰ হৈ প্ৰচাৰ চলাব। মুখ্যমন্ত্রী পিনাৰায়ী বিজয়ানে আজি ক’ৰিকড় সমষ্টিত প্ৰচাৰ চলাব।
Assamese | April 19, 2024 5:55 PM | Lok Sabha Elections 2024
কেৰালাত লোকসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় নেতাসকলৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ