ভাৰতীয় নির্বাচন আয়োগ লোকসভা নিৰ্বাচনৰ ভোটদানৰ আগদিনা আৰু ভোটদানৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশত যথেষ্ট কঠোৰ হৈছে। এই দুয়োটা দিনতে প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্যায়ৰ এম চি এম চিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ ল’ব লাগিব। ভাৰতৰ নিৰ্বাচন আয়োগৰ অধীনস্থ সচিব ৰাজেশ কুমাৰ সিঙে যোৱা পহিলা এপ্ৰিলত এখন পত্রযোগে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াসকললৈ নিৰ্দেশনা প্ৰদান কৰিছে। পত্রযোগে কোৱা হৈছে যে এনে বহু বিজ্ঞাপনে নিৰ্বাচনত জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ লগতে নিৰপেক্ষ ভোটদানত বাধাৰ সৃষ্টি কৰে। সেয়ে ভাৰতীয় সংবিধানৰ ৩২৪ নম্বৰ ধাৰা অনুযায়ী নির্বাচন আয়োগে পূর্বে অনুমতি নোলোৱা বিজ্ঞাপন প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিছে।
Assamese | April 6, 2024 12:55 PM | Lok Sabha Election
লোকসভা নিৰ্বাচনৰ ভোটদানৰ আগদিনা আৰু ভোটদানৰ দিনা বাতৰিকাকতত প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহত এমচিএমচিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ-পত্ৰ ল’ব লাগিব