ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কাইলৈ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান-বাহন আইন উলংঘা গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধিকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিকে ধৰি বিভিন্ন আপোচযোগ্য গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ লেন-দেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ সুবিধাৰ বাবে এনেধৰণৰ গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে।
Assamese | May 10, 2024 11:44 AM | LOK ADALOT
জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কাইলৈ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালত