ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাসমূহত আজিৰে পৰা ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মাজুলী জিলাৰ গড়মূৰ পীতাম্বৰ দেৱ জিলা চিকিৎসালয়ৰ নাৰ্ছিং স্কুলত ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগতে জিলা চিকিৎসালয়ৰ উপ-অধীক্ষক, স্বাস্থ্য বিষয়াৰ লগতে আশাকৰ্মী আৰু নাৰ্ছিং স্কুলৰ শিক্ষাৰ্থীসকলে অংশগ্রহণ কৰে। অহা ১৩ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই বিশেষ অভিযানত মাজুলী জিলাৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্যকর্মী, আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ কুষ্ঠৰোগ সন্দৰ্ভত জনসাধাৰণক সজাগতা আৰু স্বাস্থ্য পৰীক্ষা কৰিব। কাৰ্বি আংলং জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু জিলা কুষ্ঠ বিভাগৰ উদ্যোগত হাওৰাঘাটত ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত বিশেষ সভাত কুষ্ঠ ৰোগৰ সম্পৰ্কে থকা ভুল ধাৰণাসমূহ নিৰ্মূলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীতো ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস আয়োজিত হৈছে। জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত সংবাদমেলত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মিনহাজ চৌধুৰীয়ে ৰূপায়ণ কৰিবলগীয়া কাৰ্যসূচীৰ বিষয়ে সদৰি কৰে।
Assamese | January 30, 2025 6:58 PM | Leprosy day
আজিৰে পৰা ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱসৰ কাৰ্যসূচী ৰূপায়ণ