পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ অন্তৰ্গত উমছোৱাইত কালি ৩ হাজাৰ ১০০ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা বিতৰণ কৰা হয়। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা পুথিমি আকেমাং আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই পৰিয়ালসমূহক ভূমিপট্টা বিতৰণ কৰে। অনাগত সময়ত মুঠ ১ লাখ পৰিয়ালক ভূমি পট্টা বিতৰণ কৰা হ’ব বুলি শ্ৰী ৰংহাঙে প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালৰ ভূমিৰ অধিকাৰ আৰু মৰ্যাদা সুনিশ্চি কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে।
Assamese | December 19, 2025 12:24 PM | land patta karbi anglong
পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ উমছোৱাইত ৩,১০০টা পৰিয়ালক ভূমিপট্টা বিতৰণ