May 8, 2025 11:19 AM | lakhimpur storm

printer

লখিমপুৰত বিভিন্ন অঞ্চলত ধুমুহা-বতাহ, বিস্তৰ ক্ষতি

লখিমপুৰ জিলাত কালি বিয়লি অহা এজাক ধুমুহা বতাহে বিস্তৰ ক্ষতি সাধন কৰে। জিলাখনৰ নাওবৈচা, দলহাট তিনিআলি, লালুক, অসম-অৰুণাচল সীমান্তৱৰ্তী কাছজুলি, ঢেকীয়াজুলি, ফুলবাৰী আদি অঞ্চলৰ ৰাইজ ক্ষতিগ্ৰস্ত হয়। হঠাৎ অহা প্ৰচণ্ড ধুমুহাৰ ফলত বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি পৰাৰ লগতে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলহাট তিনিআলিত চলন্ত গাড়ী, মটৰচাইকেলৰ ওপৰত গছ বাগৰি পৰাৰ কথা পোহৰলৈ আহিছে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। ধুমুহাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথত তীব্র যান-জঁট সৃষ্টি হোৱা পৰিলক্ষিত হয়।