লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুংমুখ সংমণ্ডলত আজিৰে পৰা ৩০ আগষ্টলৈ সেনা বাহিনীৰ সশস্ত্র অনুশীলন কৰা হ’ব। এই সময়ছোৱাত সেনা বাহিনীয়ে বোমা বিস্ফোৰণ, গুলীচালনা আদিৰ অনুশীলন কৰিব। লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে এটা নির্দেশযোগে এই সময়ছোৱাত দুলুংমুখ এলেকাত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি ৰোধ কৰাৰ উদ্দেশ্যে এই ক্ষেত্ৰত সজাগ কৰিবলৈ প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে।
Assamese | May 20, 2025 1:04 PM | Lakhimpur
লখিমপুৰত আজিৰে পৰা ৩০ আগষ্টলৈ সেনা বাহিনীৰ সশস্ত্র অনুশীলন