অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে ২০২৪ বৰ্ষৰ চীফ মিনিষ্টাৰ্ছ গ্রীণ ফেল’শ্বিপ প্ৰ’গ্ৰামৰ অধীনত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৩ গৰাকী ছাত্রী ইউৰোপৰ ক্ৰ’ৱেচিয়াৰ জচিপ জুৰাজ, স্কৰ’চমায়াৰ অচিজেক বিশ্ববিদ্যালয়লৈ পৰিৱেশ বিষয়ক হ্রস্বকালীন প্রশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। মুখ্যমন্ত্রী, শিক্ষামন্ত্রী, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু পৃষ্ঠপোষক এডুপেকড সংস্থাৰ এনে পদক্ষেপৰ বাবে লখিমপুৰ বালিকা মহাবিদ্যালয়ে সংশ্লিষ্ট ব্যক্তি আৰু কৰ্তৃপক্ষৰ শলাগ লৈছে। এই সুবিধা লাভ কৰা ছাত্রীকেইগৰাকী হৈছে- ৰিবিকা চুংক্রাং, সোণমণি কামাণ আৰু চন্দ্রাণী গোস্বামী।
Assamese | March 18, 2025 1:27 PM | lakhimpur college
চীফ মিনিষ্টাৰ্ছ গ্রীণ ফেল’শ্বিপ প্ৰ’গ্ৰামৰ অধীনত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৩ গৰাকী ছাত্রী হ্রস্বকালীন প্রশিক্ষণৰ বাবে নিৰ্বাচিত