স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক শাসনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা সু-শাসন সপ্তাহৰ অংশ হিচাপে লখিমপুৰত অহা ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ‘ব। সু-শাসন সপ্তাহৰ জৰিয়তে ৰাজহুৱা অভিযোগসমূহৰ সমাধান কৰিবলৈ জিলাখনৰ সকলো বিভাগীয় কাৰ্যালয়ৰ লগতে ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজহুৱা সেৱা উন্নীতকৰণৰ বাবে নাগৰিকসকলৰ অমীমাংসিত আবেদনসমূহ শীঘ্ৰেই নিষ্পত্তি কৰিবলৈ সকলো বিভাগকে নিৰ্দেশ দিয়া হৈছে। জিলাখনত অহা ২৩ ডিচেম্বৰত বিভিন্ন বিভাগে গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।
Assamese | December 17, 2024 8:24 PM | Lakhimpur
লখিমপুৰত অহা ১৯ পৰা ২৪ ডিচেম্বৰলৈ সু-শাসন সপ্তাহৰ কাৰ্যসূচী ৰূপায়ণ