লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অহা ৩০ অক্টোবৰত শ্ৰৱণেন্দ্ৰিয় বাধাগ্ৰস্ত লোকৰ বাবে শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰা হ’ব। এই উদ্দেশ্যে সংশ্লিষ্ট লোকসকলক চিকিৎসালয়খনত কাণৰ পৰীক্ষা কৰাই প্রতিবেদন জমা দিবলৈ বিভাগীয় কর্তৃপক্ষই আহ্বান জনাইছে। উল্লেখযোগ্য যে কাণেৰে নুশুনা লোকে বিপিএলকার্ড, আধাৰ কাৰ্ড, দুকপি ফটো, ৰাষ্ট্ৰীয় শিশু কার্যক্রম কার্ড জমা দিব লাগিব বুলি কৰ্তৃপক্ষৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনাইছে।
Assamese | October 21, 2024 12:18 PM | Lakhimpur
অহা ৩০ অক্টোবৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰৱণ যন্ত্ৰ বিতৰণ