লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি লখিমপুৰ জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে আজি লখিমপুৰ নগৰৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উল্লেখযোগ্য যে একাধিকবাৰ মানচিত্ৰ সলনি হোৱা লখিমপুৰ জিলাখন ১৯৭১ চনৰ ২ অক্টোবৰত পুনৰ গঠন কৰা হৈছিল। আজিৰ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱাকে ধৰি জিলাৰ আয়ুক্ত তথা জ্যেষ্ঠ চৰকাৰী বিষয়াসকল উপস্থিত থাকে।
Assamese | October 2, 2024 8:20 PM | Lakhimpur
লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত লখিমপুৰ জিলা দিৱস উদযাপন