লখিমপুৰ জিলাত আজি পুৱাৰেপৰা বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছে। দেবেৰা দলনি, খ্ৰীষ্টান গাঁও আৰু ফুকনৰ হাট নামৰ গাঁও তিনিখনত অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬-ৰ পত্ৰণ বিধিৰ অধীনত উচ্ছেদ চলোৱা হৈছে। অঞ্চলকেইটাত অবৈধভাৱে বসবাস কৰা ২১৭ টা পৰিয়াললৈ প্ৰশাসনে ইতিমধ্যে জাননী জাৰি কৰিছিল যদিও দখলকাৰীসকলে প্ৰশাসনৰ জাননীৰ প্ৰতি সঁহাৰি নজনায়। ১২ খন এছকেভেটৰৰ সহায়ত চলোৱা উচ্ছেদ অভিযানত ৬০০ গৰাকী আৰক্ষী জোৱান আৰু অৰ্ধ সামৰিক বাহিনীয়ে অংশগ্ৰহণ কৰিছে।
Assamese | July 3, 2025 7:17 PM | Lakhimpur
লখিমপুৰ জিলাত আজি পুৱাৰেপৰা বৃহৎ উচ্ছেদ অভিযান