কলকাতাৰ চল্ট লেকৰ অসম ভৱনত অসম সাহিত্য সভাৰ এটা পূৰ্ণাঙ্গ শাখাৰ ঘোষণা কৰাৰ লগতে সদস্যসকলৰ মাজত আজীৱন সদস্যৰ প্ৰমাণপত্ৰ বিতৰণৰ বাবে এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানত শাখা সভাপতি জীৱন ৰয়ক সাহিত্য সভাৰ পতাকা, সংবিধান আৰু সাহিত্য সভাৰ ইতিবৃত্তৰ দুয়োটা খণ্ড অৰ্পণ কৰা হয়। সভাৰ শেষত ৰেখা চলিহা বাসুয়ে কলকাতা শাখাত নিয়মীয়াভাৱে সাহিত্য চৰ্চা চলাই নিবলৈ প্ৰতি মাহত এখনকৈ বৈঠক অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে।
Assamese | July 17, 2024 8:36 PM | kolkATA ASOM SAHITY SABHA
কলকাতাৰ চল্ট লেকৰ অসম ভৱনত অসম সাহিত্য সভাৰ এটা পূৰ্ণাঙ্গ শাখাৰ ঘোষণা, সদস্যৰ প্ৰমাণপত্ৰ বিতৰণী সভা