নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কালি খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় দিনা পেৰা এথলিট আৰু পেৰা বেডমিণ্টন খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে। কালিৰ দিনটোত ৪৪টা সোণৰ পদক অৰ্জন কৰা হয়। তামিলনাড়ু ৯টা সোণৰ পদকেৰে তালিকাৰ শীৰ্ষত থকাৰ লগতে ৭টা সোণেৰে হাৰিয়ানা দ্বিতীয় আৰু ৫টা সোণেৰে মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশ দ্বিতীয় স্থানত আছে। ২টা সোণৰ পদক জয়েৰে তামিলনাডুৰ ৰমেশ ছাংগুমান কালিৰ দিনটোত তাৰকা খেলুৱৈ ৰূপে পৰিগণিত হয়। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত পেৰা এথলিট মিট তাধানীয়ে খেলো ইণ্ডিয়া পদক্ষেপৰ জৰিয়তে এনে এখন মঞ্চ প্ৰদান কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
ইপিনে ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত পেৰা বেডমিণ্টনত পেৰিছ অলিম্পিয়ান নীতেশ কুমাৰ আৰু টকিঅ’ পেৰা অলিম্পিকৰ সোণৰ পদক বিজেতা কৃষ্ণা নাগৰে নিজৰ আধিপত্য বজাই ৰাখে । কোৱাৰ্টাৰ ফাইনেলত শীর্ষ বাছনিৰ মঞ্জুনাথা চিক্কায়াক সঞ্জীৱ কুমাৰে ২১-১৩, ২১–৬ ফলাফলত পৰাস্ত কৰে।
Assamese | March 22, 2025 12:48 PM | Khelo India Para Games
খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় দিনা এথলিট আৰু বেডমিণ্টন খেলুৱৈসকলৰ সুন্দৰ খেল প্ৰদৰ্শন