যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত সন্মিলনৰ সভাপতি তথা মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈৰ ১০৬ সংখ্যক জন্মদিন উপলক্ষে আজি তেওঁৰ বাসগৃহত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে তেওঁক শতায়ু সৌৰভ উপাধি প্ৰদান কৰা হয়। জিলাখনৰ বহুকেইটা সংগঠন আৰু প্ৰতিষ্ঠানে মুক্তিযোদ্ধাগৰাকীক শৰাই, চেলেং, গামোচা আৰু প্ৰশস্তিপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
Assamese | January 10, 2025 8:29 PM | KHARGESWAR GOGOI jorhat
যোৰহাটৰ মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈক ১০৬সংখ্যক জন্মদিনত ‘শতায়ু সৌৰভ’ উপাধি প্ৰদান