পর্যটন বিভাগৰ উদ্যোগত অহা ২৬ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় ট্যুৰিজিম মাৰ্ট অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৭ নৱেম্বৰত ট্যুৰিজিম মাৰ্ট মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত ভাৰতৰ লগতে কেইবাখনো দেশৰ পৰ্যটন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীৰ লগতে বহুকেইগৰাকী উচ্চপদস্থ বিষয়াও উপস্থিত থাকিব। এই অনুষ্ঠানত নিমন্ত্রিত অতিথিসকলক কাজিৰঙাৰ হাতীখুলি চাহ বাগিচা পৰিদৰ্শন কৰোৱাৰ লগতে জীপ আৰু হাতী ছাফাৰীও কৰোৱা হ’ব। এই কাৰ্যসূচীয়ে কাজিৰঙা তথা ৰাজ্যখনৰ পৰ্যটনৰ বাবে বিশেষ তাৎপর্য বহন কৰিছে বুলি অসম পৰ্যটন নিগমৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | November 15, 2024 11:42 AM | kaziranga national parkk
কাজিৰঙাত অহা ২৬ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ট্যুৰিজিম মাৰ্ট