বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় ৰাং কুকুৰৰ সন্ধান পোৱা গৈছে। কাৰ্বি আংলঙৰ আমগুৰি এনিমেল কৰিৰ্ডৰত স্থাপন কৰা কেমেৰাত ৰাং কুকুৰৰ বিচৰণৰ দৃশ্য বন্দী হৈছে। বিগত প্রায় তিনি বছৰে কাজিৰঙাত ৰাং কুকুৰৰ উপস্থিতিৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষা-নীৰিক্ষা চলাই থকাৰ অন্তত উদ্যানখনত ৰাং কুকুৰৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে। সমগ্ৰ বিশ্বত মূলতঃ দুই প্ৰকাৰৰহে ৰাং কুকুৰ পোৱা যায়। এটা প্ৰজাতিৰ ৰাং কুকুৰ এছিয়াত আৰু আনটো প্ৰজাতি দক্ষিণ আফ্ৰিকাত পোৱা যায়। কিছুদিন পূৰ্বে এগৰাকী পৰিৱেশ কৰ্মীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানতো ৰাং কুকুৰৰ অৱস্থিতি লক্ষ্য কৰিছিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কাজিৰঙাত ৰাং কুকুৰৰ উপস্থিতিৰ তথ্য আলোকচিত্রসহ প্ৰকাশ কৰে।
Assamese | July 4, 2025 12:50 PM | kaziranga national parkk
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় ৰাং কুকুৰৰ সন্ধান