সাপ আৰু মানুহৰ সহাৱস্থান, নীতিগতভাৱে সাপ উদ্ধাৰ আৰু সৰ্পদংশন প্ৰতিৰোধী দক্ষতা বৃদ্ধিৰ উদ্দেশ্যেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কঁহৰাত অনুষ্ঠিত দুদিনীয়া কৰ্মশালাৰ কালি সামৰণি পৰে এই কৰ্মশালাত কাজিৰঙা, নগাঁও, বিশ্বনাথ, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী প্ৰকৃতিপ্ৰেমী আৰু বন বিষয়াই অংশগ্ৰহণ কৰে। দা মাদ্ৰাছ ক্ৰক’ডাইল বেংক ট্ৰাষ্টৰ বিশেষজ্ঞ ড° জ্ঞানেশ্বৰ শ্বই সৰ্প উদ্ধাৰৰ উন্নত কৌশল, সৰ্প দংশনৰ ফলপ্ৰসু প্ৰাথমিক চিকিৎসা, মানুহ আৰু সাপৰ সহৱস্থানৰ সংযোগী কৌশল আৰু সাপ সংৰক্ষণ তথা পুনৰবাসনৰ কৌশলসমূহ সন্দৰ্ভত প্ৰশিক্ষণ আগবঢ়ায়। কার্যসূচীত সাপ উদ্ধাৰকাৰী কিট বিতৰণ কৰাৰ লগতে উদ্ধাৰকাৰীসকলক দক্ষতাৰ কাৰণে প্ৰয়োজনীয় সকলো সুবিধা আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰা হয় ৷
Assamese | January 29, 2025 1:13 PM | Kaziranga
সাপ উদ্ধাৰ আৰু সৰ্পদংশন প্ৰতিৰোধী দক্ষতা বৃদ্ধিৰ উদ্দেশ্যেৰে কাজিৰঙা অনুষ্ঠিত দুদিনীয়া কৰ্মশালাৰ সামৰণি