কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা মাহত পক্ষী গণনা আৰম্ভ হ‘ব। স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই গণনা কৰা হয়। উল্লেখযোগ্য যে, সম্প্ৰতি কাজিৰঙাৰ নদী, বিল, জলাশয়সমূহত ভালেমান পৰিভ্ৰমী পক্ষীৰ আগমন হৈছে। সেয়েহে এই গণনাত বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব বুলি উদ্যানখনৰ বন সংমণ্ডল বিষয়া অৰুণ ভিগনেছে প্রকাশ কৰিছে। উদ্যানখনৰ ছহলা, কাৰাছিং, ডোঙা, ৰৌমাৰী আদি অঞ্চলত পর্যটকে নিচেই ওচৰৰ পৰা পৰিভ্ৰমী পক্ষীৰ জাক দৃষ্টিনন্দন ৰূপত প্ৰত্যক্ষ কৰিছে। দেশ-বিদেশৰ প্ৰকৃতি প্ৰেমী আৰু আলোকচিত্ৰ শিল্পীসকলেও পক্ষীৰ আলোকচিত্ৰ সংগ্ৰহৰ বাবে উদ্যানখনত উপস্থিত হৈছে।
Assamese | December 21, 2024 7:18 PM | Kaziranga
অহা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পক্ষী গণনা আৰম্ভ