কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন বন শিবিৰত উদ্যানৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰু পৰ্যটক কঢি়ওৱা হাতীসহ মুঠ ৭২টা বিভাগীয় পোহনীয়া হাতীৰ কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পশু চিকিৎসা বিষয়াৰ নেতৃত্বত বন্য প্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ লগতে কঁহৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসকৰ দ্বাৰা হাতীবোৰৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। যোৱা ৪ আগষ্টৰ পৰা আৰম্ভ কৰা এই স্বাস্থ্য পৰীক্ষা শিৱিৰ প্ৰথম অৱস্থাত কঁহৰা, অগৰাতলী, বাগৰি আৰু বুঢ়া পাহাৰ বনাঞ্চলত কৰাৰ লগতে পৰৱৰ্তী সময়ত লাওখোৱা, বুঢ়া চাপৰি আৰু বিশ্বনাথ বনাঞ্চলৰ হাতীৰ মাজতো সম্পন্ন কৰা হয়। হাতীসমূহৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে হাতীৰ বাবে প্ৰয়োজনীয় পথ্যও যোগান ধৰিছে।
Assamese | August 9, 2025 12:20 PM | Kaziranga
কাজিৰঙাত পৰ্যটক কঢি়ওৱা হাতীসহ মুঠ ৭২টা বিভাগীয় পোহনীয়া হাতীৰ স্বাস্থ্য পৰীক্ষা