সমগ্র দেশতে আজি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সশস্ত্র বাহিনীক কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় সশস্ত্র বাহিনীৰ অসাধাৰণ শৌর্যক স্বীকাৰ কৰে। ১৯৯৯ চনত কাৰ্গিলৰ শিখৰত ভাৰত মাতৃক ৰক্ষা কৰাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰা বীৰ জোৱানসকলৰ প্ৰতি তেওঁ সন্মান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে। শ্ৰীমোদীয়ে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা শ্বহীদ জোৱানসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে এই দিনটোক দেশৰ ৰক্ষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন বুলিও অভিহিত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। এই উপলক্ষে গোলাঘাটত বীৰচক্র কেপ্তেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত খুমতাইৰ জাছিংফা লেখিকা সমাৰোহৰ উদ্যোগত বিশেষ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত খুমতাইৰ বিধায়ক মৃনাল শইকীয়াৰ লগতে জিন্টু গগৈৰ পৰিয়াল আৰু অঞ্চলবাসীয়ে অংশগ্ৰহণ কৰে। তেজপুৰতো শোণিতপুৰ জিলা যুৱ মৰ্চাই কাৰ্গিল বিজয় দিৱসৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বিধায়ক পৃথ্বিৰাজ ৰাভা, পদ্ম হাজৰিকা আৰু গণেশ লিম্বু উপস্থিত থাকে।
Assamese | July 26, 2024 6:48 PM | Kargil divas
সমগ্র দেশতে আজি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন