ৰাজ্যত কাৰিকৰী শিক্ষাৰ দিশত যুগান্তকাৰী ব্যৱস্থা হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্রথমখন বিশ্ববিদ্যালয় হ’ব। ৭৩১ বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত দুহেজাৰ গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, এহেজাৰ ৬২০ গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, ৭২টা আবাসিক ভৱন, অতিথিশালা তথা শিক্ষাৰ্থীৰ সা-সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্রিম বুদ্ধিমত্তা, ৰব’টিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱান্টাম কম্পিউটিং, এনিমেচন আৰু গ্ৰাফিক্ছ, ড্রোণ আৰু নেভিগেচন প্ৰযুক্তি, থ্রী ডি প্রিণ্টিঙকে ধৰি কেইবাটাও নতুন নতুন বিষয় অন্তর্ভুক্ত কৰা হ’ব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটীৰ খানাপাৰাত নির্মীয়মান জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে। ৫ হাজাৰ আসনযুক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ই পূব ভাৰতৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ’ব।
Assamese | November 8, 2025 1:23 PM | kanaklata university cm and nirmala sitharaman
গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ