শাসনাধিস্থিত বিজেপিয়ে অহা ১৯ জুনত হ‘বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ পৰা কনাড পুৰকায়স্থক মনোনীত কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ কুমাৰ সিনহাই আজি প্রদেশ বিজেপিৰ জ্যেষ্ঠ নেতা কনাড পুৰকায়স্থৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ১৯ জুনত অসমৰ পৰা ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ‘ব। কনাড পুৰকায়স্থ হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ। ৰাজ্যসভাৰ এই আসনখনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে বিজেপিৰ ১৩গৰাকী নেতাই আবেদন জনাইছিল। আমাৰ সংবাদদাতাই জনোৱা মতে অসমত ৰাজ্যসভাৰ দুখন আসনৰ এখন আসনত বিজেপিয়ে আৰু আনখনত অগপই প্রতিদ্বন্দ্বিতা কৰাৰ বাবে মিত্ৰদল দুটাই সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিজেপিয়ে প্রার্থী চূড়ান্ত কৰিলে যদিও এই পর্যন্ত অগপই প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। সোমবাৰ ৯ জুন হৈছে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন। উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল ১৪ জুনত অন্ত পৰিব।
Assamese | June 7, 2025 6:31 PM | Kanad purakystah
কনাড পুৰকায়স্থ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ পৰা মনোনীত