গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ‘ব। কাইলৈ বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ‘ব। পুনৰ ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ‘ব। ইতিমধ্যে দেশী-বিদেশী ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি দুৱাৰ মুকলি হোৱাৰ দুদিন অর্থাৎ ২৬ আৰু ২৭ জুনত ৫০১ টকাৰ বিশেষ টিকটৰ ব্যৱস্থা বন্ধ থাকিব। একেদৰে ভি আই পি, ভি ভি আই পিৰ বাবেও পাছৰ কোনো ব্যৱস্থা নাথাকিব। আনহাতে আইন শৃংখলা তথা তীর্থযাত্রী, ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত ১২০ গৰাকী স্থায়ী সুৰক্ষা কৰ্মী, ৪০০ গৰাকী স্কাউট গাইড ১৫০ গৰাকী স্বেচ্ছাসেৱক, ২৫০ গৰাকী অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে ৫০০টা চিচিটিভি কেমেৰা উপস্থাপন কৰা হৈছে । আনহাতে আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথেৰে ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে । ইপিনে অম্বুবাচী মহাযোগৰ সময়ছোৱাত জোতা-চেণ্ডেল পৰিধান কৰি কামাখ্যা মন্দিৰলৈ নাযাবলৈ সকলোকে আৰক্ষী প্ৰশাসনে আহ্বান জনাইছে। উল্লেখযোগ্য যে পর্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনলৈ অম্বুবাচী মেলা আয়োজনৰ বাবে ৪ কোটি ৫৫ লাখ টকা আগবঢ়াইছে।
Assamese | June 21, 2025 6:33 PM | kamakhya ambubachi 2025
শক্তিপীঠ কামাখ্যা মন্দিৰত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত