এছিয়ান গেমছ ছেম্পিয়ন ভাৰতৰ জ্যোতি সুৰেশা ৱেন্নামে লাক্সেমবার্গত অৱস্থিত জি টি অপেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত সোণৰ পদক অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে জি টি অ‘পেনত অংশগ্ৰহণ কৰি জ্যোতিয়ে উন্নত মানৰ প্ৰদৰ্শনেৰে কালি বেলজিয়ামৰ ছাৰাহ প্ৰিল্ছক ১৪৭-১৪৫ ফলাফলত পৰাস্ত কৰি খিতাপ দখল কৰে। ইফালে, পুৰুষৰ কম্পাউণ্ড শাখাত ভাৰতৰ অভিষেকে ৰূপৰ পদক দখল কৰিছে। নেদাৰলেণ্ডছৰ মাইক শ্ল’ছাৰে অভিষেকক অতি কম ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।
Assamese | November 18, 2024 12:27 PM | Jyoti suresh
জি টি অপেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত জ্যোতি সুৰেশাৰ সোণৰ পদক অৰ্জন