স্মার্ট ফোন সম্প্ৰতি কেৱল যোগাযোগৰ মাধ্যমেই নহয়, বৰং সবলীকৰণৰ এটা মাধ্যম তথা সমগ্ৰ বিশ্বৰ তথ্য লাভৰ আধাৰ হৈ পৰিছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰত টেলিকমৰ দ্বাবিংশ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। ভাৰত বৰ্তমান বিশ্বৰ টেলিকম খণ্ডত দ্বিতীয় সর্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি শ্ৰী সিন্দিয়াই কয়, যে দেশত বর্তমান ১২০ কোটি লোকে ম’বাইল ফোন ব্যৱহাৰ কৰে। তেওঁ কয়, যে ব্ৰডবেণ্ড ব্যৱহাৰকাৰীৰ সংখ্যা এটা দশকৰ পূৰ্বে ৬ কোটিলৈ বৃদ্ধি হৈ বৰ্তমান ৯৫ কোটি হৈছেগৈ। একেদৰে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাও ২৫ কোটিৰ পৰা ৯৭ কোটি হৈছেগৈ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | May 6, 2025 7:09 PM | jyoti aditya sindhiya
স্মার্ট ফোন সম্প্ৰতি কেৱল যোগাযোগৰ মাধ্যমেই নহয়, বৰং সবলীকৰণৰ এটা মাধ্যম- জ্যোতিৰাদিত্য সিন্দিয়া