জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানেৰে এই মেলা আৰম্ভ হয়। গোভা ৰজা দীপসিং দেওৰজাই বন্তি প্রজ্বলনেৰে মেলাৰ শুভাৰম্ভ কৰে। মেলাথলীত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা আৰু দীপসিং দেওৰজাৰ লগতে মধ্য অসমৰ ২১ গৰাকী তিৱা ৰজাই শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মেলাৰ বৰঘৰ, ডেকাচাং, চাংঘৰ আদি পৰম্পৰাগত গৃহ মুকলি কৰে। আজি পাহাৰৰ মামা-মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিছে। কাইলৈ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হ‘ব। মামা-মামীসকলে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্রী আদান-প্রদান কৰিব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত হ‘ব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত ২২ গৰাকী তিৱা ৰজাক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সম্মিলন, বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ‘ব।
Assamese | January 22, 2026 7:22 PM | Junbill mala
আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে জোনবিল মেলা অনুষ্ঠিত