মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ আজি সামৰণি পৰে। আজি গোভা ৰজা দীপসিং দেওৰজাই দ্বিতীয়খন ৰাজদৰবাৰ অনুষ্ঠিত কৰে। এই ৰাজদৰবাৰত মধ্য অসমৰ তিৱা ৰজাসকলে অংশগ্ৰহণ কৰে। গোভা দেওৰজাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্রতীকি ৰূপত কৰ সংগ্ৰহৰ পাছতে তিনিদিনীয়া এই মেলাৰ সামৰণি পৰে।
Assamese | January 18, 2025 7:58 PM | Junbill mala
জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ সামৰণি