বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে কাৰ্গিল যুদ্ধত দেশৰ জোৱানসকলে ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হৈছিল যদিও শত্রু পাকিস্তানৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিছিল। শ্ৰী নাড্ডাই কালি নতুন দিল্লীত কয় যে ভাৰতীয় সেনাই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সত্ত্বেও কৌশলগত পাৰদৰ্শিতাৰ বাবে কাৰ্গিলত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতীয় সেনাৰ সুবিধার্থে সীমান্তৱৰ্তী অঞ্চলসমূহত দুটা লেনযুক্ত পথৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে সেনাই এতিয়া মাত্ৰ ডেৰ দিনৰ ভিতৰতে অৰুণাচল প্ৰদেশৰ পৰা লাডাখত উপস্থিত হ’ব পাৰে। শ্ৰী নাড্ডাই কালিৰ অনুষ্ঠানতে সেনাৰ সৈতে জড়িত এখন প্রদর্শনী মুকলি কৰাৰ লগতে বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Assamese | July 26, 2024 12:37 PM | jp nadda kargil
ভাৰতীয় সেনাই কৌশলগত পাৰদৰ্শিতাৰ বাবে কাৰ্গিলত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিলঃ জে পি নাড্ডা