বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই কৈছে যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ সশস্ত্র বাহিনীৰ সুবিধাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰ দেশৰ নিৰাপত্তাৰ বাবে উৎসর্গিত বুলিও তেওঁ প্ৰকাশ কৰে। কালি নতুন দিল্লীত কার্গিল বিজয় ৰজত জয়ন্তী সমাৰোহত উপস্থিত থাকি শ্রী নাড্ডাই কয় যে মোডী চৰকাৰে সীমান্তৰ আন্তঃগাঁথনিত অধিক গুৰুত্ব দিছে আৰু প্ৰতিৰক্ষা বাহিনীৰ বাবে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰীয়ে সশস্ত্র বাহিনীত গুৰুত্ব আৰোপ কৰি ভাৰতে যে প্ৰতিশোধ ল’ব জানে সেয়া বিশ্বৰ সন্মুখত প্ৰতিপন্ন কৰিছে বুলিও শ্রী নাড্ডাই প্ৰকাশ কৰে৷
Assamese | July 27, 2024 12:18 PM | jp nadda kargil
দেশৰ সশস্ত্র বাহিনীৰ সুবিধাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছেঃ জে পি নাড্ডা