অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দলে আজি যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰে। ভ্ৰমণৰ সময়ত দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ নৱজাতকৰ যত্ন কেন্দ্ৰ, শিশু যত্ন কেন্দ্র, শিশু বিভাগ আৰু স্ত্ৰী ৰোগ বিভাগকে ধৰি তাৎপৰ্যপূৰ্ণ স্বাস্থ্য সেৱাৰ সুবিধাসমূহ পৰিদৰ্শন কৰে। ইয়াৰ লগতে দলটোৱে ল’ৰাৰ কাৰণে নিৰ্দিষ্ট শিশু পর্যবেক্ষণ গৃহ ‘স্বৰাজ’-ও পৰিদৰ্শন কৰে। দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসালয়খনৰ শিশু সম্পৰ্কীয় স্বাস্থ্য সেৱাৰ বিষয়ে বুজ লয়। ইয়াৰ পাছত শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দলটোৱে আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণ, জিলা সমাজ কল্যাণ বিভাগ, কিশোৰ ন্যায় ব’ৰ্ড আৰু শিশু কল্যাণ সমিতিৰ দৰে বিভিন্ন অংশীদাৰী ব্যৱস্থাসমূহৰ সৈতে বৈঠকত ভাগ লয়।
Assamese | August 30, 2024 7:47 PM | Jorhat district
যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ