যোৰহাট জিলাৰ তিতাবৰত আজিৰ পৰা সপ্তম সংখ্যক সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হ’ব। অসম পেনচাক ছিলাট সংস্থাৰ উদ্যোগত হ’বলগীয়া প্ৰতিযোগিতাখনত খেলুৱৈসকলে কেইবাটাও বিভাগত প্রতিদ্বন্দ্বিতা কৰিব। এই প্ৰতিযোগিতাখনৰ পৰাই ১১ জুনৰ পৰা ১৩ জুনলৈ ওড়িশাত হ’বলগীয়া ৰাষ্ট্ৰীয় পেনচাক ছিলাট প্রতিযোগিতাৰ বাবে খেলুৱৈ বাছনি কৰা হয়। বাছনিভুক্ত খেলুৱৈসকলক অহা ১৫ মে’ৰ পৰা ৫ জুনলৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি অসম পেনচাক ছিলাট সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্যজিত দলেই জানিবলৈ দিয়ে।
Assamese | May 11, 2024 10:56 AM | JORHAT SPORTS
যোৰহাটৰ তিতাবৰত আজিৰ পৰা সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ