July 25, 2026 12:42 PM | jorhat flood

printer

যোৰহাট জিলাৰ কাকডোঙা আৰু চৰাইপানীত ছিগা মথাউৰিৰ মেৰামতিৰ কাম আৰম্ভ

শেহতীয়া ভয়াবহ বান পৰিস্থিতিৰ পৰিপ্ৰক্ষিতত যোৰহাট জিলাৰ কাকডোঙা আৰু চৰাইপানী অঞ্চলত নদীৰ মথাউৰি ছিঙি সৃষ্টি হোৱা সংকট প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে জৰুৰীভাৱে সাময়িক মেৰামতিৰ কাম আৰম্ভ কৰিছে। পৰিস্থিতি অধিক অৱনতি নহ’বলৈ প্ৰশাসন আৰু জলসম্পদ বিভাদৰ যৌথ উদ্যোগত জৰুৰীকালীন ভিত্তিত এই সাময়িক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আনহাতে শলমাৰা খহনীয়া অংশত প্ৰতিৰোধৰ বাবে জিঅ’ টিউব সংস্থাপনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম দ্রুত গতিত চলি আছে।