যোৰহাট জিলাত আইন শৃংখলা বৰ্তাই ৰখাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন কৰা হৈছে। জনসাধাৰণে নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হ’লে সংশ্লিষ্ট এলেকাৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি থানা এলেকাসমূহত আইন শৃংখলা জনিত পৰিস্থিতিৰ উদ্ভৱ হ’লে অতিৰিক্ত দণ্ডাধীশৰ লগতে কাৰ্যবাহী দণ্ডাধীশ আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক যোগাযোগ কৰিবলৈ কোৱা হৈছে। এই আদেশ জিলাখনত তাৎক্ষণিকভাৱে বলৱৎ হৈছে।
Assamese | August 27, 2024 7:09 PM | Jorhat district
যোৰহাট জিলাত কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন